কাকূতি

শ্ৰীশ্ৰীমাধৱদেৱ

কিমতে ভকতি কৰিবো তোমাত হৰি এ
মঞি মূঢ়-মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক তেজিয়া দুৰ নযায় ৰাম ৰাম।। ৭৯০
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান-আন্ধাৰে পৰিয়া পাৰ নপাঞ ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম।। ৭৯১
ভকতি মিনতি প্ৰণতি নজানো হৰি এ
মোত পৰে জ্ঞান-শূন্য হীন-মতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা-ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম। ৭৯২
হৰি এ কৰুণাসিন্ধু	    জীৱন-বন্ধু
	গতি মতি তুমি নাৰায়ণ।
তুৱা গুণ-নাম ভকতৰ মহাধন।। ৭৯৩

Click here to read an English translation of the poem.

শ্ৰীশ্ৰীমাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি নাম-ঘোাষাৰপৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *