কবিতা আমাৰ স্বাস্থ্যকৰ আৱেগ নিয়ন্ত্ৰণত সহায়ক হয়

মণিকা টেৰণপী

মণিকা টেৰণপী

এজন উচ্চ শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনেধৰণৰ?

কবিতাৰ সৈতে সম্পৰ্ক নতুন বুলি ক’লে ভুল কোৱা হ’ব যিহেতু আনুষ্ঠানিক শিক্ষাৰ প্ৰাৰম্ভতে কবিতাৰ সৈতে আমাৰ প্ৰথম চিনাকি। অৱশ্যে সময়ৰ বিভিন্ন স্তৰত কবিতাৰ প্ৰতি আমাৰ আগ্ৰহ আৰু দৰ্শনৰ তাৰতম্য ঘটে। আৱেগবিহ্বল জীৱ হিচাপে কবিতা আমাৰ স্বাস্থ্যকৰ আৱেগ নিয়ন্ত্ৰণত যথেষ্টখিনি সহায়ক হয়। কাৰণ বিখ্যাত ইংৰাজ কবি ওৱৰ্ডছ্ওৱৰ্থৰ মতে–“তীব্ৰ অনুভূতিৰ স্বাভাৱিক প্ৰকাশেই কবিতা।” কবিতাই আমাক উজ্জীৱিত কৰি তোলাৰ লগতে চাৰিওফালৰ পৰিৱেশ উপলব্ধি কৰিবলৈ শিকায়।

আপুনি কবিতা কিয় পঢ়ে?

সাহিত্যৰ আন আন শাখাৰ তুলনাত কবিতাৰ দৈৰ্ঘ্য কম। কবিতাৰ মাধ্যমেৰে, গভীৰ অৰ্থৱহ একো একোটা শব্দৰে এখন বহল জগতৰ সন্ধান কৰিবলৈ সমৰ্থ হওঁ। সেয়ে কবিতা মোৰ আটাইতকৈ প্ৰিয়।

কেনেধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

মেথিউ আৰ্নল্ডৰ ভাষাত কবিতা হ’ ল–“মূলতঃ জীৱন জিজ্ঞাসা৷” প্ৰকৃতি, জীৱন আৰু দৰ্শনৰ কবিতা মোৰ বাবে অধিক তৃপ্তিদায়ক। কাৰণ এনেবোৰ কবিতাই আমাক জীৱনৰ প্ৰতি জিজ্ঞাসা আনি দিয়ে। কবিতাই আমাক সামাজিক জগতত যুক্ত হ’বলৈ আৱশ্যকীয় বোধজ্ঞান দিয়ে আৰু আধ্যাত্মিক বিকাশ সাধন কৰি তোলে। কবি ড নিৰ্মলপ্ৰভা বৰদলৈৰ মতে–“কবিতা এক সৃষ্টি, য’ত তৰপে তৰপে সামাজিক পটভূমি, ব্যক্তিগত চেতন-অৱচেতন মনৰ প্ৰতিক্ৰিয়া তথা এটা জাতিৰ এটা সময়ৰ বৰ্ণাঢ্য মানসিকতা প্ৰকাশ পায়।”

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

সাম্প্ৰতিক অসমীয়া কবিতাবোৰ খুব সুন্দৰ, সংবেদনশীল আৰু আশাব্যঞ্জক। কবিসকলে নিজৰ সাধনা, চিন্তাশক্তিৰে সাম্প্ৰতিক সময়বোৰ, আমাৰ জীৱনশৈলী, পৰিৱেশ-পৰিস্থিতিৰ লগতে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ কবিতাত প্ৰতিফলন ঘটাবলৈ কৰা প্ৰয়াসত সফল হোৱা যেন অনুভৱ হয়।

কবিসকলৰ প্ৰতি আপোনাৰ কি আহ্বান?

এটাই কথা ক’ব বিচাৰোঁ যে কবিতা জীৱনমুখী আস্থাৰ গীত হওক। প্ৰেম, বিশ্বাস তথা সমন্বয়ৰ সেঁতুখন মজবুতকৈ গঢ়ি তুলিবলৈ লেখক-কবিসকল সৃষ্টিত নিমজ্জিত হৈ ৰওক তাৰেই কামনা কৰোঁ।

মণিকা টেৰণপী এগৰাকী তৰুণ কবি আৰু সমাজসেৱী৷ তেওঁ কাৰবি আংলঙৰ ডিফুৰ বাসিন্দা৷

5 thoughts on “কবিতা আমাৰ স্বাস্থ্যকৰ আৱেগ নিয়ন্ত্ৰণত সহায়ক হয়

  1. আপোনাৰ অভিব্যক্ত পঢ়ি সচাকৈয়ে আপ্লুত হলো, সচাকৈয়ে কবিতা মনৰ খোৰাক…..
    ধন্যবাদ আপোনাক…

  2. কবিতাৰ প্ৰতি আপোনাৰ ধাৰণা সন্দেহাতীত। কবিতাৰ সতে আপোনাৰ সম্পৰ্ক নিবিড় আৰু মধুৰ। শব্দ আৰু ভাষা সাৱলীল। প্ৰশ্নোত্তৰত সন্তুষ্টি লাভ কৰিছো।

Leave a Reply to MIHIR KUMAR BARUAH Cancel reply

Your email address will not be published. Required fields are marked *