কেনেধৰণৰ কবিতা পঢ়ি ভাল পাওঁ

পৰমানন্দ মহন্ত

পৰমানন্দ মহন্ত

সংস্কৃত কাব্যগ্ৰন্থত কয়, কবি হেনো স্ৰষ্টা আৰু দ্ৰষ্টা। সেয়ে কবিতা হ’ল সৃষ্টি আৰু দৃষ্টি। এনেবোৰ কথাই মোক কবিতাৰ বিষয়ে জানিবলৈ দিলেও মই নিজৰ মতেই কবিতা বিচাৰ কৰোঁ। মোৰ বাবে কবিতা, ছবি, সংগীত আৰু গণিত একে শাৰীৰ ‘বস্তু’/বিষয়—এই আটাইকেইটাই মানুহৰ নিজা সৃষ্টি। কবিয়েই কেৱল স্ৰষ্টা নহয়, চিত্ৰশিল্পী এজনো, সংগীতকাৰ এজনো, গণিতজ্ঞ এজনো স্ৰষ্টা। নিৰ্দিষ্ট প্ৰমেয়ৰে তেওঁলোকে নিজৰ নিজৰ বিষয়বোৰ সৃষ্টি কৰে। এই প্ৰমেয়বোৰো কঠিন বাস্তৱৰ অভিজ্ঞতাৰপৰাই অহা। অভিজ্ঞতাৰ কষটি শিলৰ অবিহনে প্ৰমেয়ৰ অস্তিত্ব নাই। এই ‘বস্তু’/বিষয় কেইপদৰ এটাৰ বিষয়েও সম্পূৰ্ণকৈ বুজা টান যদিও গণিতৰ বাহিৰে আন কেউটাকে হৃদয়ৰ লগত জুৰিব পাৰে সকলোৱেই। কাৰণ এই আটাইবোৰেই বিমূৰ্ত। পঢ়ুৱৈয়ে, দৰ্শকে, শুনোতাইহে নিজাববীয়াকৈ কৰা অনুভৱেৰে ইবোৰক মূৰ্ত, সাকাৰ কৰি তোলে। গণিতৰ কথা ইয়াত নকওঁ—এজন গণিতজ্ঞই সগৰ্বে কৈছিল গণিত যিমানেই ব্যৱহাৰিক দিশৰ পৰা দূৰৈত, ই সিমানেই বিশুদ্ধ, সত্য। কোনো ব্যৱহাৰত নহা গণিতহে আচল গণিত। কিন্তু কবিতাৰ কথা বেলেগ—ভাষা এটাৰ শব্দ আৰু ব্যাকৰণৰ সামান্য জ্ঞান থকা জনেও কবিতাৰ আবেদন অনুভৱ কৰিব পাৰে সামান্যভাৱে হ’লেও। কিয়নো কবিতাৰ বিশেষ আকৰ্ষণ শব্দৰ প্ৰয়োগতেই, শব্দৰ গাঁথনিয়ে কবিতাৰ লয় গঢ়ে, ছন্দ গঢ়ে, অৰ্থ গঢ়ে। ডাঙৰ কথা হ’ল শব্দবোৰে লগ লাগি এনে এক ব্যঞ্জনা সৃষ্টি কৰে যে বিভিন্ন ভাবৰ অনুভূতি সঞ্চাৰ হয়। কবিতাই মানুহৰ অনুভূতিৰ সূক্ষ্মতা, বৈচিত্ৰ্য প্ৰকাশ কৰে। আটাইতকৈ ডাঙৰ কথা হ’ল কবিতাই প্ৰেমৰ কথাই কয়। মানৱীয় প্ৰেম, মানৱীয়তাৰ বহল পথাৰখনৰ কথা। কবিতাত শব্দই সৃষ্টি কৰা অলৌকিক চেতনাই আমাক সমৃদ্ধ কৰে,–মানুহ হোৱাৰ গৌৰৱ অনুভৱ কৰায়। এইবোৰ কাৰণেই মাজে মাজে কবিতাৰ ওচৰ চাপোঁ—দুখৰ লগৰীয়া কবিতা, নিঃসংগতাৰ লগৰীয়া কবিতা, সুখ আৰু আনন্দৰ, হাঁহি-কান্দোনৰ লগৰীয়া কবিতা।

একো নুবুজিলেও কিছুমান কবিতা ভাল লাগে কেৱল শব্দৰ জনজননিৰ কাৰণেই। যি কবিতাত লয় বিচাৰি নাপাওঁ সেই কবিতা মই পঢ়িব নোৱাৰোঁ। ভাল লগা কবিতাৰ অৰ্থ বুজি নাপালেও মনত পেলাওঁ বিষ্ণু দেৰ কবিতাত থকা শ্যেলীৰ কথাটো—কবিৰ মন হেনো ‘নিভন্ত আঙ্গাৰ/কবিতাৰ শিখা জ্বলে/কম বেশি হাওয়াৰ দমকে’। বতাহে জ্বলাই দিয়া মনৰ নুমাই যোৱা আঙঠাৰপৰা ওলোৱা কবিতাৰ ওপৰত কবিৰে নিয়ন্ত্ৰণ নাথাকে, আমি কিয় অৰ্থ বিচাৰি হায়ৰাণ হওঁ?

পৰমানন্দ মহন্ত অসমৰ এগৰাকী বিশিষ্ট লেখক আৰু অসমত বিজ্ঞান জনপ্ৰিয়কৰণ আন্দোলনৰ অন্যতম গুৰি-ধৰোঁতা। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।

4 thoughts on “কেনেধৰণৰ কবিতা পঢ়ি ভাল পাওঁ

  1. বৰ ভাল পালোঁ

    কবিতাৰ হকে এনে বৰ প্ৰয়োজন।

  2. বৰ ভাল লাগিল কথাখিনি।গণিতৰ বিশুদ্ধতাৰ কথাখিনিও।ছাৰে কোৱাৰ দৰেই কবিতা নিসংগতাৰ লগৰীয়া।সেয়েহে আমি কবিতা পঢ়োঁ।কবিতাক জীয়াই ৰখাটো আমাৰ দায়িত্ব।

  3. বহুত ভাল লাগিল কথাখিনি। “কবিতাত শব্দই সৃষ্টি…………………. মানুহ হোৱাৰ গৌৰৱ অনুভৱ কৰায়” হৃদয় চুই গʼল। ধন্যবাদ জনালোঁ

  4. কবিতা ও এক প্ৰকাৰৰ বিজ্ঞান, এই কথা আই এ ৰিচাৰ্ডছ’ৰ প্ৰেক্টিকেল ক্ৰিটিচিজম’ৰ সূত্ৰ অনুসৰি।
    ” বিষ্ণুৰাভা এতিয়া কিমান ৰাতি?”
    তাক প্ৰমাণ কৰিব পাৰি।
    বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চাবলৈ সেই দিনা ৰাতি হয়তো কোনোবা এটা নিৰ্দিষ্ট সময়ৰ কথা উল্লেখ কৰিছে কবিয়ে কবিতা টিত।

    আনহাতে বুৰঞ্জী কবিতা টিৰ বিষয়বস্তু ক সাঙুৰি ড° হীৰেন গোহাঁই ছাৰৰ মন্তব্য:”গোটেই ঘটনাটো
    এক aesthetic দূৰত্বৰ পৰা চাইছে নিৰ্বিকাৰ কবিয়ে:
    ” কুঁৱলীৰ দৰে ধোৱাঁৰ সাগৰত
    সাঁতুৰি সাঁতুৰি চৰাইবোৰ জাকে জাকে উৰি
    গৈছিল,”
    ( নীলমণি ফুকন ৰ কবিতা, সাহিত্যৰ সত্য,ড° হীৰেন গোহাঁই, পৃষ্ঠা,৩৯)
    ধোৱাৰ সাগৰ প্ৰমাণ কৰিব নোৱাৰি।

    ধোৱাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *