কবিতাত আনক বিচাৰি পাওঁ

খগেন ভৰালী

Khagen Bharali

এজন শিক্ষিত ব্যক্তি হিচাপে কবিতাৰ সৈতে আপোনাৰ সম্পৰ্কটো কেনে ধৰণৰ?

প্ৰথমতে পাঠশালাত, এসময়ত কছৰত কৰোঁতে (অনুশীলন), এতিয়া জীৱনৰ প্ৰতিটো ছন্দই কবিতা হৈ পৰিল। লু চুনৰ নাতিয়েক লু জিয়ে কোৱাৰ দৰেই প্ৰতিটো কঠোৰ গদ্যই একোটি ছন্দময় স্পন্দনেৰে আলোড়িত শব্দৰ জীৱনৰ পদ্য হৈ পৰিল। পঢ়োঁ এতিয়াও সময় পালেই।

আপুনি কবিতা কিয় পঢ়ে?

কবিতাত আনক বিচাৰি পাওঁ, কেতিয়াবা নিজক, কেতিয়াবা জীৱনক বিচাৰি পাওঁ একান্তভাৱে। বাটলাৰ ইয়েটছে কোৱাৰ দৰেই: “It is blood, imagination intellect running together- it bids us to touch and taste and hear and see the world and strike from all that is the brain only”।

কেনে ধৰণৰ কবিতাই আপোনাক তৃপ্তি দিয়ে?

এম্বিগুৱাছ কথাষাৰ, অনুভূতি প্ৰৱণতাতকৈ বাস্তৱৰ সতে ‘ষ্টাৰ্ন ৰিয়েলিটী’ৰ কবিতা (টি এছ এলিয়টে কোৱাৰ দৰেই)।

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি?

অসমীয়া আধুনিক কবিতা সীমাত উপনীত হৈছে। জেনেট উণ্টাৰছনে কোৱাৰ দৰেই “A tough life needs a tough language-language and that is what poetry is”।

কবিসকলৰ প্ৰতি কি আহ্বান?

সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোলৈ জেনেট উণ্টাৰছনৰ ভাষাত তেওঁলোকৰ পৰা মাতষাৰ শুনিবলৈ পাওঁ যেন: “a language powerful enough to say how it is. It is not a hiding place. It is a finding place.” সকলো উজলি উঠিক অসমীয়া আধুনিক কবিতাৰ গৰ্ভত, নিৰন্তৰ গতিত ক্ৰিয়াশীল হৈ পৰক কবিতাৰ ছন্দময় গতিত। বিচাৰক, কৰ্ষণ কৰক, অনুশীলন কৰক, নিজক বিচাৰক, আনক অনুসন্ধান কৰক, অনুভূতি আৰু উপলব্ধিৰে বিশাল পৃথিৱীখনলৈ ঢাপলি মেলক৷ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, অসমীয়া আধুনিক কবিতাৰ সোণালী যুগ আৰম্ভ হওক একৈশ শতিকাৰ ঢল পুৱাতেই।

(খগেন ভৰালী এগৰাকী জ্যেষ্ঠ লেখক।)

3 thoughts on “কবিতাত আনক বিচাৰি পাওঁ

  1. আপোনাৰ বহুমূলীয়া সংস্কৰণ “পয়েট্ৰী উইদাউট ফিয়েৰ,”( Poetry Without Fear) পঢ়ি আপ্লুত হলো। অসমীয়া ডিজিটেল সাহিত্যৰ পাতত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰিলে আপোলোকৰ আশাসুধীয়া প্ৰচেষ্টাত।ড° আনন্দ বৰমুদৈ ছাৰৰ দৰে এগৰাকী মহীৰূহ ৰ সঙ্গে আপোনালোকৰ এই প্ৰচেষ্টাক আঁত ধৰি আগুৱাই নিয়াৰ দায়িত্ব’ত সঠিক ৰূপত উপস্থাপন কৰিব আৰু এক বলীষ্ট পদক্ষেপ গ্ৰহণ কৰি আগুৱাই নিয়াৰ বাটত সকলোকে উৎসাহিত কৰিব। ভবিষ্যত প্ৰজন্মৰ প্ৰতিনিধি সকলৰ বাবে ই এক মাইলৰ খুঁটি বুলি গণ্য কৰা হওক।
    খগেন ভৰালী।

  2. সুন্দৰ ৷ ভাল লাগিল ৷ বুজিলোঁ বহু কথা ৷

Leave a Reply to ৰীতা মিশ্ৰ Cancel reply

Your email address will not be published. Required fields are marked *