শ্বৰীফা খাতুন চৌধুৰীৰ দুটি কবিতা

ইতিহাসৰ কবৰস্থান

ক্ৰমে বাঢ়ি যায় 
ইতিহাসৰ কবৰৰ সংখ্যা 
বহু অলিখিত সঁচা কাহিনী 
বহু সঁচা চৰিত্ৰৰ উচুপনি 
হেৰাই যায় অন্ধকাৰৰ 
অটল গৰ্ভত 

প্ৰয়োজন সাপেক্ষে লিখা হয়
নতুন ইতিহাস 
অভিসন্ধিৰ মেৰপাকত 
আৰ্তনাদ কৰি উঠে সত্যৰ পাণ্ডুলিপি 
হেৰাই যায় বাঘ হাজৰিকা 
হেৰাই যায় জয়মতী'ৰ দৰে 
সঁচা মানুহৰ ইতিহাস 

কি নিৰ্মম
কি নিৰ্মম

হে সময় 
হে দুঃসহ সময় ক'ব পাৰিবানে 

নদীবোৰ উভতি বব নে
আমি উভতি যাম 

ইতিহাসৰ কবৰস্থানত নিৰ্মিত 
নতুন ইমাৰৎবোৰ খহি পৰিবনে
নে গজি উঠিব 
মৰূৰ বুকুত অৰণ্য এখন।

চাবি দিয়া পুৰণি দেৱালঘড়ীটো

বেৰত ওলোমাই ৰখা 
পুৰণি চাবি দিয়া ঘড়ীটো 
দুই চাৰি ঘৰৰ বাহিৰে 
এতিয়া ক'তো নাই 

কিন্তু তাৰ ঘণ্টাধ্বনি 
গোটেই আকাশ জুৰি 
মৃদুস্বৰে বাজি আছে অহৰহ  
কোনো কালে হোৱা নাই সময় বন্দী 
ঘড়ীৰ কাঁটাত 
সেয়া এক মিছা অপবাদ 

সময় পুৰণিও নহয় 
সদায় নতুন সৃষ্টিৰে উজ্জ্বল 

পৃষ্ঠাৰ পাছত পৃষ্ঠা পুৰণি হয় কেৱল মানুহ আৰু পৃথিৱীৰ ইতিহাস 
ৰজা মৰে, 
প্ৰজা মৰে
গছ মৰে 
কিছু বিলুপ্ত হয় 
কিছু থাকি যায় 
তাৰ সঁচা খতিয়ান  কোনে ৰাখে 

পানীৰে উপচি থকা নৈখন 
কেতিয়া শুকাই শিলৰ নৈ এখন  হ'ল
সেই খবৰ কোনেও নাৰাখে 
শিলৰ নৈখনৰ বুকুৰে উজাই ভটিয়াই কোনো নাও
আহা-যোৱা কৰিবযে  নোৱাৰে 
সেয়া এক দুখৰ কথা বুলিও কোনেও নাভাবে 

কিন্তু সকলোৰে বুকুৰ মাজত 
সেই পুৰণি ঘড়ীটোৰ ঘণ্টাধ্বনি 
বাজি থাকে 
বাজি থাকে।

শ্বৰীফা খাতুন চৌধুৰী অসমৰ এগৰাকী বিশিষ্ট কবি আৰু ঔপন্যাসিক। তেওঁৰ দুখন কবিতা-সংকলন প্ৰকাশ পাইছে।

Click here to read an English translation of the poems.

One thought on “শ্বৰীফা খাতুন চৌধুৰীৰ দুটি কবিতা

  1. শ্বৰীফা বাইদেউৰ কবিতা মোৰ বৰ প্ৰিয়। এই দুটা কবিতাইয়ো মন চুই গ’ল

Leave a Reply

Your email address will not be published. Required fields are marked *